আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে এনেকুৱা এটা সময়ত, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজৰ ফৈদৰ আৰু আনজন হৈছে শত্ৰু পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজৰ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি (লগে লগে) মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এইটো চয়তানৰ কাম। নিশ্চয় সি (মানুহৰ) শত্ৰু তথা প্ৰকাশ্য বিভ্ৰান্তকাৰী’।