আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা, লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে অলংকাৰৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযানসমূহ চলাচল কৰে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা;