‘অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ’ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ঈমান পোষণ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে এখন কিতাব অৱতীৰ্ণ নকৰিবা, যিখন আমি পঢ়িম। কোৱা, ‘পৱিত্ৰ মহান মোৰ প্ৰতিপালক! মই হৈছোঁ কেৱল এজন মানুহ, তথা ৰাছুল’।