পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, (মক্কাৰ) আল-মাছজিদুল হাৰামৰ পৰা (পেলিষ্টাইনৰ) আল-মাছজিদুল আক্বছালৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছোঁ, যাতে আমি তেওঁক আমাৰ নিদৰ্শনসমূহ দেখুৱাব পাৰোঁ; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।