আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়ক যে, তেওলোকৰ বাবে আছে জান্নাত, যাৰ তলেদি নদীসমূহ প্ৰবাহিত হয়, যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ’ব, তেতিয়াই তেওঁলোকে ক’ব, ইতিপুৰ্বে আমাক এই ধৰণৰ ফল-মূল খাবলৈ দিয়া হৈছিল, কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা-সঙ্গিনী, আৰু তাত তেওঁলোক চিৰকাল থাকিব।