কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰেই সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।