Se connecter
Se connecter
Se connecter
Sélectionner la langue

Al-Kahf 18:86 حتى اذا بلغ مغرب الشمس وجدها تغرب في عين حمية ووجد عندها قوما قلنا يا ذا القرنين اما ان تعذب واما ان تتخذ فيهم حسنا ٨٦

Page 303 · Juz 16

حَتَّىٰٓ
إِذَا
بَلَغَ
مَغۡرِبَ
ٱلشَّمۡسِ
وَجَدَهَا
تَغۡرُبُ
فِي
عَيۡنٍ
حَمِئَةٖ
وَوَجَدَ
عِندَهَا
قَوۡمٗاۖ
قُلۡنَا
يَٰذَا
ٱلۡقَرۡنَيۡنِ
إِمَّآ
أَن
تُعَذِّبَ
وَإِمَّآ
أَن
تَتَّخِذَ
فِيهِمۡ
حُسۡنٗا
٨٦
গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্য্য অস্ত যোৱাৰ স্থলত উপস্থিত হ’ল, তেতিয়া তেওঁ সূৰ্য্যক এটি পংকিল জলাশয়ত অস্ত যোৱা দেখিলে আৰু তেওঁ তাত এটা সম্প্ৰদায়ক লগ পালে। আমি ক'লোঁ, ‘হে জুল-কাৰনাইন! তুমি ইহঁতক শাস্তি দিব পাৰা নাইবা ইহঁতৰ বিষয়টো সদয়ভাৱে গ্ৰহণ কৰিব পাৰা’।
Lire la suite

Lisez le Tafsir

Ibn Kathir (Abridged)

His traveling and reaching the Place where the Sun sets (the West)

فَأَتْبَعَ سَبَباً

(So he followed a way.) Ibn `Abbas said that he followed different routes to achieve what he wanted.

فَأَتْبَعَ سَبَباً

(So he followed a way.) Mujahid said that he followed different routes, east and west. According

…

His traveling and reaching the Place where the Sun sets (the West)

فَأَتْبَعَ سَبَباً

(So he followed a way.) Ibn `Abbas said that he followed differen

…
Vue Tafsirs

Lire dans le contexte

83. আৰু সিহঁতে তোমাক জুল-কাৰনাইন সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘অচিৰেই মই তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে বৰ্ণনা কৰিম’। 84. নিশ্চয় আমি তেওঁক পৃথিৱীত কৰ্তৃত্ব প্ৰদান কৰিছিলোঁ আৰু প্ৰত্যেক বিষয়ৰ উপায়-উপকৰণ দান কৰিছিলোঁ। 85. তাৰ পিছত তেওঁ এটা পথ অৱলম্বন কৰিলে। 86. গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্য্য অস্ত যোৱাৰ স্থলত উপস্থিত হ’ল, তেতিয়া তেওঁ সূৰ্য্যক এটি পংকিল জলাশয়ত অস্ত যোৱা দেখিলে আৰু তেওঁ তাত এটা সম্প্ৰদায়ক লগ পালে। আমি ক'লোঁ, ‘হে জুল-কাৰনাইন! তুমি ইহঁতক শাস্তি দিব পাৰা নাইবা ইহঁতৰ বিষয়টো সদয়ভাৱে গ্ৰহণ কৰিব পাৰা’। 87. তেওঁ ক’লে, ‘যিয়ে অন্যায় কৰিব অচিৰেই আমি তাক শাস্তি প্ৰদান কৰিম; তাৰ পিছত তাক তাৰ প্ৰতিপালকৰ ওচৰলৈ ওভতাই নিয়া হ’ব, তেতিয়া তেওঁ তাক কঠিন শাস্তি প্ৰদান কৰিব। 88. ‘কিন্তু যিয়ে ঈমান আনিব আৰু সৎকৰ্ম কৰিব তেওঁৰ বাবে প্ৰতিদান স্বৰূপে আছে কল্যাণ আৰু আমি আমাৰ ব্যৱহাৰতো তেওঁৰ সৈতে নম্ৰভাৱে কথা কম’। 89. তাৰ পিছত তেওঁ আন এটা (অভিযানৰ বাবে) পথ ধৰিলে। 90. গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে, তেতিয়া তেওঁ দেখা পালে যে, সূৰ্য্য এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হয়, যিসকলৰ বাবে সূৰ্য্যৰ তাপৰ পৰা কোনো অন্তৰাল আমি সৃষ্টি কৰা নাই; 91. প্ৰকৃত ঘটনা এইটোৱেই, আৰু তেওঁৰ ওচৰত যি আছিল, সেই সম্পৰ্কে আমি সম্যক অৱগত। 92. তাৰ পিছত তেওঁ আন এটা (অভিযানৰ বাবে) পথ ধৰিলে। 93. অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত আহি উপনীত হ’ল, তেতিয়া তাত তেওঁ এনেকুৱা এটা সম্প্ৰদায়ক লগ পালে, যিসকলে তেওঁৰ কথা ভালকৈ বুজিব পৰা নাছিল। 94. সিহঁতে ক’লে, ‘হে জুল-কাৰনাইন! ইয়া’জুজ আৰু মা’জুজে পৃথিৱীত অশান্তি সৃষ্টি কৰি আছে। সেয়ে আমি আপোনাক এই চৰ্তত কৰ আদায় দিমনে, যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত এটা প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে’? 95. তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকে মোক যি সামৰ্থ দিছে সেইটোৱে উৎকৃষ্ট। গতিকে তোমালোকে মোক দৈহিক শ্ৰমৰ দ্বাৰা সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত এখন মজবুত প্ৰাচীৰ নিৰ্মাণ কৰি দিম’। 96. ‘তোমালোকে মোৰ ওচৰলৈ লোৰ পাতসমূহ আনি দিয়া’, অৱশেষত মধ্যৱৰ্তী খালী ঠাই পূৰ্ণ হৈ যেতিয়া লৌহস্তূপ দুয়ো পৰ্বতৰ সমান হ’ল তেতিয়া তেওঁ ক’লে, ‘এতিয়া ফুঁ দি থকা’। তাৰ পিছত যেতিয়া সেইটো জুইত পৰিণত হ’ল, তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ গলিত তাম লৈ আহা, মই ইয়াৰ ওপৰত ঢালি দিওঁ’। 97. তাৰ পিছত সিহঁতে (ইয়া’জুজ আৰু মা’জুজে) সেইটো অতিক্ৰম কৰিব নোৱাৰিলে আনকি ফুটা কৰিবও নোৱাৰিলে। 98. তেওঁ ক’লে, ‘এইটো হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। কিন্তু যেতিয়া মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুত সময় আহিব তেতিয়া তেওঁ ইয়াক চূৰ্ণ-বিচূৰ্ণ কৰি দিব, আৰু মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি সত্য’। 99. আৰু সেইদিনা আমি সিহঁতক এৰি দিম এনেকুৱা অৱস্থাত যে, এটা দলে আনটো দলৰ ওপৰত তৰঙ্গৰ দৰে খুন্দিয়াই পৰিব; আৰু শিঙাত ফুঁ দিয়া হ’ব। তাৰ পিছত আমি সিহঁত সকলোকে একত্ৰিত কৰিম। 100. আৰু সেইদিনা আমি জাহান্নামক প্ৰত্যক্ষভাৱে উপস্থাপন কৰিম কাফিৰসকলৰ ওচৰত, 101. আমাৰ নিদৰ্শনৰ প্ৰতি যিসকলৰ চকু আৱৰণেৰে ঢাকি থোৱা আছিল আৰু যিসকলে শুনিবলৈও অপাৰগ আছিল।

- Shaykh Rafeequl Islam Habibur-Rahman

Lire la suite

Notes et réflexions

Vous n'avez aucune note ni réflexion sur ce verset.

Notes placeholders

Restez connecté(e) avec le Coran ❤️

De courts rappels significatifs pour se recentrer, méditer et rester connecté(e) au Coran.

Lire, Écouter, Rechercher et Méditer sur le Coran

Quran.com est une plateforme fiable utilisée par des millions de personnes dans le monde pour lire, rechercher, écouter et méditer sur le Coran en plusieurs langues. Elle propose des traductions, des tafsirs, des récitations, des traductions mot à mot et des outils pour une étude plus approfondie, rendant le Coran accessible à tous.

En tant que Sadaqah Jariyah, Quran.com se consacre à aider les gens à se connecter profondément au Coran. Soutenu par Quran.Foundation , une organisation à but non lucratif 501(c)(3), Quran.com continue de se développer en tant que ressource gratuite et précieuse pour tous, Alhamdulillah.

Naviguer
Accueil
Quran Radio
Récitateurs
À propos de nous
Développeurs
Mises à jour du produit
Avis
Aider
Faire un don
Nos projets
Quran.com
Quran For Android
Quran iOS
QuranReflect.com
Quran.AI
Sunnah.com
Nuqayah.com
Legacy.Quran.com
Corpus.Quran.com
Projets à but non lucratif détenus, gérés ou sponsorisés par Quran.Foundation
Liens populaires
Douas du Coran
Verset du Coran du jour
Ayatul Kursi
Yaseen
Al Mulk
Ar-Rahman
Al Waqi'ah
Al Kahf
Al Muzzammil
Plan du site (sitemap)ConfidentialitéTermes et conditions
© 2026 Quran.com. Tous droits réservés
Contribuer