যিসকলে কুফৰী কৰিছে সিহঁতে কয়, "আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ, আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰোঁ"। হায়! তুমি যদি দেখিলাহেঁতেন, যেতিয়া যালিমসকলক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভবা হৈছিল, সিহঁতে অহংকাৰীবিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি নিশ্চয় মুমিন হ’লোঁহেঁতেন!’