Iniciar sesión
Iniciar sesión
Iniciar sesión
Seleccionar idioma

Al-Hashr 59:6 وما افاء الله على رسوله منهم فما اوجفتم عليه من خيل ولا ركاب ولاكن الله يسلط رسله على من يشاء والله على كل شيء قدير ٦

Página 546 · Juz 28

وَمَآ
أَفَآءَ
ٱللَّهُ
عَلَىٰ
رَسُولِهِۦ
مِنۡهُمۡ
فَمَآ
أَوۡجَفۡتُمۡ
عَلَيۡهِ
مِنۡ
خَيۡلٖ
وَلَا
رِكَابٖ
وَلَٰكِنَّ
ٱللَّهَ
يُسَلِّطُ
رُسُلَهُۥ
عَلَىٰ
مَن
يَشَآءُۚ
وَٱللَّهُ
عَلَىٰ
كُلِّ
شَيۡءٖ
قَدِيرٞ
٦
আৰু আল্লাহে সিহঁতৰ (ইয়াহুদীসকলৰ) পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (যুদ্ধ নকৰাকৈ লাভ কৰা ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰে কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Continuar leyendo

Lee Tafsir

Ibn Kathir (Abridged)

The Fai' and how it is spent

Allah the Exalted explains the regulations for Fai', the booty that the Muslims acquire from the disbelievers, without fighting them or using cavalry and camelry in war against them. For instance, the booty collected from Bani An-Nadir was not acquired because of fighting

…

The Fai' and how it is spent

Allah the Exalted explains the regulations for Fai', the booty that the Muslims acquire from the disbelievers, without fig

…
Ver Tafsires

Leer en contexto

1. আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়। 2. আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল তেৱেঁই সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁত নিৰ্বাসিত হ’ব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ (শাস্তিৰ) পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰলৈ আল্লাহৰ আযাব এনেকুৱা ঠাইৰ পৰা আহিল যিটো সিহঁতে কল্পনাও কৰিব পৰা নাছিল; আৰু সিহঁতৰ অন্তৰত আতংক সঞ্চাৰ কৰিলে। ফলত সিহঁতে নিজ হাতেৰে আৰু মুমিনসকলৰ হতোৱাই নিজৰ ঘৰ-দুৱাৰ ধ্বংস কৰিলে; এতেকে হে দৃষ্টিসম্পন্ন ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা। 3. আৰু যদি আল্লাহে সিহঁতৰ বাবে নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক পৃথিৱীতেই (বেলেগ কোনো) শাস্তি বিহিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি। 4. এইটো এইকাৰণে যে, নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰিছিল; আৰু যিয়ে আল্লাহৰ বিৰুদ্ধাচাৰণ কৰিব, তেন্তে (সি জানি থোৱা উচিত) নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। 5. তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমেই; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে। 6. আৰু আল্লাহে সিহঁতৰ (ইয়াহুদীসকলৰ) পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (যুদ্ধ নকৰাকৈ লাভ কৰা ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰে কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। 7. আল্লাহে এই জনপদৰ অধিবাসীসকলৰ পৰা তেওঁৰ ৰাছুলক ‘ফায়’ হিচাপে যি সম্পদ প্ৰদান কৰিছে, সেয়া হৈছে আল্লাহৰ বাবে আৰু ৰাছুলৰ বাবে আৰু আত্মীয়-স্বজনৰ বাবে, ইয়াতীমসকল আৰু মিছকীনসকলৰ বাবে লগতে মুছাফিৰসকলৰ বাবে, যাতে ধন-সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশীল লোকৰ মাজতেই আৱৰ্তন কৰি নাথাকে। ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থাকা, লগতে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। 8. এই সম্পদ সেইসকল দৰিদ্ৰ মুহাজীৰৰ বাবে যিসকলক নিজৰ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি অন্বেষণ কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এওঁলোকেই হৈছে সত্যবাদী। 9. আৰু তেওঁলোকৰ বাবেও, যিসকলে মুহাজিৰসকলৰ আগমনৰ আগৰ পৰাই এই নগৰীত বসবাস কৰি আছে আৰু ঈমান আনিছে, তেওঁলোকে তেওঁলোকৰ ওচৰলৈ হিজৰত কৰি অহা মানুহবিলাকক ভালপায় আৰু মুহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে, আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে। প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে, তেওঁলোকেই হৈছে সাফল্যমণ্ডিত। 10. আৰু যিসকল তেওঁলোকৰ পিছত আহিছে তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক আৰু আমাৰ পূৰ্বে ঈমান পোষণ কৰা আমাৰ ভাতৃসকলক ক্ষমা কৰি দিয়া; আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি স্নেহশীল, পৰম দয়ালু’।

- Shaykh Rafeequl Islam Habibur-Rahman

Continuar leyendo

Notas y reflexiones

No tienes ninguna nota ni reflexión sobre este versículo.

Notes placeholders

Mantente conectado al Corán ❤️

Breves recordatorios significativos para reconectar, reflexionar y mantenerse conectado con el Corán.

Lea, escuche, busque y reflexione sobre el Corán

Quran.com es una plataforma confiable utilizada por millones de personas en todo el mundo para leer, buscar, escuchar y reflexionar sobre el Corán en varios idiomas. Ofrece traducciones, tafsir, recitaciones, traducción palabra por palabra y herramientas para un estudio más profundo, haciendo que el Corán sea accesible para todos.

Como Sadaqah Jariyah, Quran.com se dedica a ayudar a las personas a conectar profundamente con el Corán. Con el apoyo de Quran.Foundation , una organización sin fines de lucro 501(c)(3), Quran.com continúa creciendo como un recurso gratuito y valioso para todos, Alhamdulillah.

Navegar
Inicio
Radio Coránica
Recitadores
Sobre nosotros
Desarrolladores
Actualizaciones de productos
Retroalimentación
Ayuda
Donar
Nuestros Proyectos
Quran.com
Quran For Android
Quran iOS
QuranReflect.com
Quran.AI
Sunnah.com
Nuqayah.com
Legacy.Quran.com
Corpus.Quran.com
Proyectos sin fines de lucro adquiridos, administrados o patrocinados por Quran.Foundation
Enlaces populares
Súplicas del Corán
Versículo del Corán del día
Ayatul Kursi
Yasin
Al Mulk
Ar-Rahman
Al Waqiah
Al-Kahf
Al Muzzammil
Mapa del sitio webPrivacidadTérminos y condiciones
© 2026 Quran.com. Reservados todos los derechos
Contribuir